আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী

Share

আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী।সমগ্ৰ ভাৰত বৰ্ষৰ লগতে অসমৰ বিভিন্ন ঠাইতো উদযাপন কৰিছে জন্ম জয়ন্তী।১৬২২ চনৰ ২৪ নৱেম্বৰত জন্ম লাভ কৰিছিল বৰ অসমক মোগলৰ  হাতৰ পৰা ৭ বাৰকৈ ৰক্ষা কৰা বীৰ লাচিত বৰফুকনে।ৰাজকীয় পৰিয়ালত জন্ম লাভ কৰাৰ বাবেই শিশু কালৰে পৰা সামৰিক শিক্ষাও  লাভ কৰিছিল লাচিত বৰফুকনে ।প্ৰথমাৱস্থাত দুৰ্দান্ত ঘোৰাক বশ কৰি ঘোৰা বৰুৱাৰ পদ লাভ কৰা লাচিত বৰফুকনে নিজৰ কৰ্তব্য পৰায়নতা ,কৰ্মনিষ্ঠাৰ বাবে পাছলৈ  লাভ কৰিছিল ফুকনলুং পদবী ।সেই লাচিত বৰফুকনে পৰাক্ৰমী মোগল সেনাক পৰাস্ত কৰিবলৈ অসমৰ ওখ পাহাৰ আৰু বৰলুইতৰ সহায়ত ৰচিছিল গেৰিলা যুদ্বৰ কৌশল ।গড় তৈয়াৰ কৰি শত্ৰুক ৰোধিবলৈ কৰা নিৰ্মাণ কাৰ্যত মোমায়েকে কৰা অৱহেলাৰ বাবে নিমিষতে শিৰচ্ছেদ কৰি পদৰ্শন কৰিছিল দেশ প্ৰেমৰ চূড়ান্ত উদাহৰণ আছিল লাচিত বৰফুকনৰ ।

 

 

 

 

 

 

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *