ডিজিটেল ডেস্ক, ৩০ মাৰ্চঃ নগাঁও জিলাৰ বাবে এক সু-খবৰ ৷ কিয়নো এখন দুখন নহয় নগাঁও জিলাত নিৰ্মাণ হ’ব চাৰিখনকৈ উৰনীয়া সেঁতু ৷ ৰাইজৰ সুবিধাৰ্থে সুচল যাতায়তৰ বাবে চাৰিখনকৈ উৰনীয়া সেতুঁ নিৰ্মাণ হ’ব লগা বিষয়টোক লৈ উৎফুল্লিত হৈ পৰিছে জিলাখনৰ প্ৰত্যেকগৰাকী ব্যক্তি ৷ নগাঁৱত উৰনীয়া সেতুঁ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই ক্ষেত্ৰত অনুমোদন আগবঢ়াইছে ৷
নগাঁৱৰ লগতে ৰাজ্যখনত সৰ্বমুঠ দহখন উৰনীয়া সেতুঁ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। তদুপৰি, ৭৩৮ কোটি টকা এই ১০ খন উৰনীয়া সেতুঁ নিৰ্মাণৰ বাবে ব্যয় কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ নগাঁও জিলাত নিৰ্মাণ হ’ব লগা উৰনীয়া সেতুঁ কেইখনৰ স্হান হৈছে ক্ৰমে কঠিয়াতলি , বৰঘাট , ডিমৌ আৰু ৰহা ৷ আৰু ইতিমধ্য মঙ্গলবাৰে ৰাজ্যত নিৰ্মাণ হ’ব লগা ১০ খন উৰনীয়া সেতুঁৰ বিষয়ে সামাজিক মাধ্যমত সদৰি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ লগতে ৭৩৮ কোটি টকা ব্যয়ৰে ৰাজ্যত ১০খনকৈ উৰনীয়া সেতুঁ নিৰ্মাণৰ বাবে অনুমোদন জনোৱাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয়মন্ত্ৰী নিতিন গাডকাৰী অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।