মেঘালয়ৰ ৩৩ জন শিক্ষাৰ্থী ইউক্ৰেইনৰ পৰা উদ্ধাৰ

Share
নিউজ ডেস্ক, ৫ মাৰ্চঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা মেঘালয়ৰ শিক্ষাৰ্থী কমেও ৩৩ জন  শুকুৰবাৰে নতুন দিল্লীত সুৰক্ষিতভাৱে উপস্থিত হৈছে।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই  টুইটাৰযোগে কয় য়ে- “৪৩ জন শিক্ষাৰ্থীৰ ভিতৰত ৩৩ জন সুৰক্ষিতভাৱে ভাৰতত উপস্থিত হৈছে। তাৰ ভিতৰত ৪ জন শিক্ষাৰ্থী আজি উপস্থিত হৈছে; আৰু  ইউক্ৰেইনৰ সীমাত আৱদ্ধ হৈ থকা। জন শিক্ষাৰ্থীক সোনকালেই ভাৰতলৈ উভতাই অনা হ’ব। আমি @PMOIndia, এমইএ আৰু জিঅ’আইৰ ওচৰত ঋণী, তেওঁলোকৰ সমৰ্থনৰ প্ৰশংসা কৰো”।বৰ্তমান ভাৰত চৰকাৰে ইউক্ৰেইনৰ সুৰক্ষিত অঞ্চলৰ পৰা ভাৰতীয় শিক্ষাৰ্থী আৰু নাগৰিকসকলক বিমানেৰে উভতাই অনাৰ ব্যাপক অভিযান অব্যাহত ৰাখিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *