কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন (কা) বলবৎ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৩০০জন শৰণার্থীক নাগৰিকত্ব প্রদান কৰে। ইয়াৰে ভিতৰত ১৪ জনক ১৫ তাৰিখে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে নাগৰিকত্বৰ প্রমাণপত্র অর্পণ কৰে। এই শৰণার্থীসকলে কেইবাবছৰ মান ধৰি ভাৰতীয় নাগৰিকত্ব লাভৰ চেষ্টা কৰি আছিল। গৃহ মন্ত্রালয়ে আটাইকেইজন শৰণার্থীকে অনলাইনযোগে প্রমাণ- পত্র দিয়ে, কিন্তু ইয়াৰে ১৪ জনক দিল্লীলৈ মাতি পঠিয়ায়। কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই ১৪ জন আবেদনকাৰীক নাগৰিকত্বৰ প্রমাণপত্র প্রদান কৰি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে যোৱা ১১ মার্চত কা বলবৎ কৰিছিল। এই আইনৰ অধীনত ভাৰতৰ তিনিখন চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব দিয়া হয়। অৱশ্যে এনে শৰণার্থী ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ভাৰতলৈ অহা হ’ব লাগিব। এই আইনৰ অধীনত জিলা পর্যায়ৰ কমিটিয়ে (ডি এল চি) নাগৰিকত্বৰ বাবে জনোৱা অবেদন লাভ কৰাৰ পাছত পৰৱর্তী পর্যায়লৈ প্রেৰণ কৰে। ৰাজ্যিক পৰ্যায়ৰ অধিকাৰপ্রাপ্ত কমিটীৰ( ই চি) তৰফৰ পৰা আবেদন পৰীক্ষা কৰি চোৱাৰ পাছত নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হয়। অধিকাৰপ্ৰাপ্ত বিষয়াৰূপে জ্যেষ্ঠ ডাক অধীক্ষকৰ নেতৃত্বৰ জিলা পৰ্যায়ৰ কমিটীয়ে নথি – পত্ৰসমূহ সত্যাপণ কৰি চোৱাৰ পাছত আৱেদনকাৰীক নিষ্ঠাৰ শপতবাক্য পাঠ কৰোৱায়।