ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ মাৰ্ঘেৰিটাত আছাম ৰাইফলছৰ কনভয়ত সংঘটিত কৰা উগ্ৰপন্থী সাংগঠনে আলফা স্বাধীনৰ আক্ৰমণত সৰ্ন্দভত তিনিচুকীয়া আৰক্ষীয়ে আলফা স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনি জন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । তিনিচুকীয়া আৰক্ষীয়ে আছাম ৰাইফলৰ ৩১ নম্বৰ আৰু ২৩ নম্বৰ বেটেলিয়নে আৰুনাচল প্ৰদেশ আৰক্ষীৰ সৈতে চলোৱা কেইদিনমান অভিযান চলোৱাৰ পাছত কালি মানখুল মোছা মাননং মোছানং আৰু ঝোনবাং মাকুম নামৰ লোক কেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই আটাইকেই জন লোক অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যোৱা ১৬ এপ্ৰিলৰ ৰাতিপুৱা প্ৰায় ৮ বজাত চাং লং পথৰ কাষত মাকুম্পানী বনাঞ্চলত আছাম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল।