মৰাণ ৭ জানুৱাৰীঃ মৰানত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। মৰানৰ ডোমৰ দলং চাহ বাগিছাৰ ১২ নম্বৰ লাইনত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড।পথাৰৰ টঙিঘৰত সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ড। পথাৰৰ টঙিঘৰত খেলি থকা অৱস্থাত তিনিটাকৈ শিশুৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা শিশুকেইটাৰ মাজত আছিল ২ বছৰীয়া বিভান মুণ্ডা, ৫ বছৰীয়া অনুদ মুণ্ডা।
ইতিমধ্যে আৰক্ষী সেই স্হানত গৈ উপস্থিত হৈছে আৰু তিনিওটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰিছে। কিন্তু এতিয়াও আন এটি শিশুৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
|
|