গুৱাহাটীত আৰক্ষীৰ জালত ২৬ গৰাকী ৰোহিংগীয়া, জব্দ ভুৱা প্ৰমাণ পৰিচয়পত্ৰ

Share
ছাদ্দাম হুছেইন, ১৩চেপ্তেম্বৰঃ পল্টনবজাৰ আৰক্ষীৰ জালত ২৬ গৰাকী ৰোহিংগীয়া। পল্টনবজাৰস্থিত কামৰূপা ল’জৰ পৰা আৰক্ষীয়ে সন্দেহজনক ২৬ গৰাকী ৰোহিংগীয়াক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত লোক কেইগৰাকীৰ ভিতৰত ১৬ গৰাকী যুৱক আৰু ১০ গৰাকী যুৱতী। 
   গ্ৰেপ্তাৰ হোৱা সন্দেহজনক ৰোহিংগীয়া লোক কেইগৰাকীৰ পৰা আৰক্ষীয়ে ভুৱা ভাৰতীয় ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড জব্দ কৰে। আৰক্ষী সূত্রে প্ৰকাশ কৰা মতে লোক কেইগৰাকীয়ে অবৈধভাবে ভাৰতত প্ৰৱেশ কৰিছিল আৰু দিল্লীলৈ যোৱাৰ বাবে গুৱাহাটীৰ কামৰূপা ল’জত বাহৰ পাতিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *