অসমৰ এহাল চিনাকী দম্পতি,জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ।২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গ কায়িকভাৱে আতঁৰি যোৱা ৫ মাহ পাৰ হৈ গ’ল।আজি ৪ ফেব্ৰুৱাৰী,অৰ্থাৎ জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ বিবাহ বাৰ্ষিকী।জুবিন বিহীন আজি প্ৰথমটি বিবাহ বাৰ্ষিকী।আজি আৱেগিক হৈ ২৪ বছৰীয়া বিবাহ বাৰ্ষিকীত নিজৰ স্বামীক মনত পেলাই সামাজিক মাধ্যমত লিখিছে- “প্ৰতিটো জনমলৈ.. প্ৰতিটো জন্মান্তৰলৈ..তোমাৰ মৰমেৰে , আশীৰ্বাদেৰে সদায় আবৰি ৰাখিবা মোক.. মোৰ ঈশ্বৰপুত্ৰ।।” জুবিন গাৰ্গৰ সৈতে কটোৱা এক ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি আবেগিক হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ ।মৰমৰ গল্ডীক আজি বেছিকৈয়ে সুঁৱৰিছে পত্নীয়ে।
বহু বছৰীয়া প্ৰেমৰ অন্তত ২০০২ চনৰ আজিৰ দিনটোতেই গোলাঘাটলৈ দৰা সাজি গৈছিল অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।অগ্নিক সাক্ষী কৰি দুয়ো বান্ধ খাই পৰিছিল জন্ম জন্মান্তৰলৈ।কিন্তু নিয়তিয়ে এই মধুৰ সম্পৰ্কৰ মাজত ব্যাঘাত জন্মালে।প্ৰাণৰ স্বামীক হেৰুৱাই দিশহাৰা আজি পত্নী।বৰ্তমানলৈকে স্বামীৰ মৃত্যুৰ ন্যায় বিচাৰি যুঁজি আছে গৰিমা শইকীয়া গাৰ্গ।কিয়নো জুবিন গাৰ্গৰ পত্নী হিচাপেই গৰিমা শইকীয়া গাৰ্গে স্বামীৰ সৈতে জীৱন পাৰ কৰা নাছিল।মৰম ,আদৰৰ লগতে এজন শিশুৰ দৰেই ৰাখিছিল নিজ স্বামীক।সেয়ে হয়তো আজিও পাহৰিব পৰা নাই জুবিন গাৰ্গক।