আজি দেশজুৰি পালন কৰা হৈছে সংবিধান দিৱস

Share

আজি সংবিধান দিৱস। ২০১৫ চনৰ পৰা দেশবাসীয়ে ২৬ নৱেম্বৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছে । বি. আৰ. আম্বেদকাৰৰ ১২৫ বছৰৰ জন্মজয়ন্তী উপলক্ষে তেখেতৰ ভাৰতীয় সংবিধানৰ প্ৰতি থকা অৱদানক চিৰস্মৰণীয় কৰাৰ লগতে দেশৰ নাগৰিকক সাংবিধাকিক কৰ্তব্যৰ প্ৰতি সজাগ কৰাৰ উদ্দেশে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ পৰা ‘সংবিধান দিৱস’ উদযাপন আৰম্ভ কৰে । এই দিৱস উদযাপন কৰা অন্য এক উদ্দেশ্য হ’ল বাবা চাহেব ভীমৰাও আম্বেদকাৰকে ধৰি সংবিধানৰ সকলো স্থপতিৰ অৱদানক সন্মান জনোৱা। সংবিধান দিৱস দিনটোক ৰাষ্ট্ৰীয় আইন দিৱস বুলিও জনা যায়। দেশে আজি উদযাপন কৰিছে সংবিধান গ্ৰহণৰ ৭৬ সংখ্যক জয়ন্তী৷

 ১৯৪৬ চনত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ অধ্যক্ষতাত ভাৰতীয় সংবিধান সভা গঠন কৰা হয়। সংবিধানৰ খচৰা প্ৰস্তুতৰ গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল ড° বি.আৰ. আম্বেদকাৰে। বি. আৰ.আম্বেদকাৰৰ নেতৃত্বত  ১৯৪৯  চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু ১৯৫০  চনৰ ২৬  জানুৱাৰীত ইয়াক কাৰ্যকৰী কৰা হয় । ২৬ জানুৱাৰী দিনটোত সংবিধান কাৰ্যকৰী হোৱাৰ পৰায়ে দেশবাসীয়ে ২৬ জানুৱাৰী দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি আহিছে। আজিৰ ২৬ নৱেম্বৰৰ এই বিশেষ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰিবলৈ সময় লাগিছিল ২ বছৰ, ১১ মাহ, ১৮ দিন।ভাৰতীয় সংবিধানক বিশ্বৰ আটাইতকৈ দীঘলীয়া লিখিত সংবিধান বুলি গণ্য কৰা হয়। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত দেশখনক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে প্ৰতিজন নাগৰিকক ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধ প্ৰদানৰ দ্বাৰা জাতিটোৰ ঐক্য আৰু অখণ্ডতা শক্তিশালী কৰা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে সমগ্ৰ দেশবাসীক ৭৬ সংখ্যক সংবিধান দিৱসৰ শুভেচ্ছা জনায়।আজি সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ১১ বজাৰ পৰা উদযাপন কৰা হৈছে সংবিধান দিৱস।সভাপতিত্ব কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে।আজি সভাত ভাৰতীয় সংবিধানখন ৯টা ভাষাত ডিজিটেলভাৱে প্ৰকাশ কৰা হ’ব।নতুনকৈ মুক্তি পোৱা সংস্কৰণ পাঞ্জাৱী,বড়ো,মালায়ালম,কাশ্মীৰী,তেলেগু,ওড়িয়া,মাৰাঠী,নেপালী আৰু অসমীয়া ভাষাত উপলব্ধ হব।  এই অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লগতে অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন,  লোকসভাৰ অধ্যক্ষ ওম বিৰলা, দুয়োটা সদনৰ সংসদ সদস্যসকলে। এই কাৰ্যসূচীৰ সময়ত মুৰ্মুৱে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা পাঠৰ নেতৃত্ব  দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *