নিউজ ডেস্ক, ৩ মাৰ্চঃআন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী,ভাৰত চৰকাৰৰ কৃষি শিক্ষা আৰু গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পশু শৈল চিকিৎসা বিশেষজ্ঞ তথা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ শৈল চিকিৎসা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কুশল কোঁৱৰ শৰ্মালৈ অসম কৃষি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্তৰেট ডিগ্ৰী আগবঢ়ায় বুলি জানিব পৰা গৈছে ।আজি অনুষ্ঠিত হবলগীয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনত এই ডিগ্ৰী প্ৰদান কৰা হব বুলি জানিব পৰা যায় ।
বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত এই ২২ সংখ্যক সমাবৰ্তন অনুষ্ঠান অনুষ্ঠিত হব বুলি জানিব দিয়ে । এই অনুষ্ঠানটিত পৌৰহিত্য কৰিব অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য্য অধ্যপক জগদীশ মুখিয়ে । এই অনুষ্ঠানটিত সন্মানীয় অতিথি অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডo অজন্তা বৰগোহাঁই ৰাজকোৱৰ ।হাইব্ৰীড ব্যৱস্থাপনাৰে বিগত দুটা বছৰত সৰ্বমুঠ ১৩৬৯ শিক্ষাৰ্থীক স্নাতক, স্নাতকোত্তৰ আৰু পি এইছ ডি ডিগ্ৰীসমূহ এই সমাবৰ্তনত প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে । এই সমাৱৰ্তনতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ৪৭গৰাকী শিক্ষাৰ্থীক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমূহো প্ৰদান কৰা হব বুলি জনায় ।