নাগৰিকত্ব সংশোধনী আইন বাতিলৰ সৰ্ন্দভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উচ্চতম ন্যায়লয়ত ৰুজু কৰা গোচৰৰ আজি পুনৰ শুনানি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্ৱত তিনিজনীয়া বিচাৰপীঠত হ’ব এই শুনানি। বিচাৰপীঠৰ আন দুই ন্যায়াধীশ হৈছে পি.এছ নৰসিংহা আৰু জে বি পাৰ্ডিৱালা । ইয়াৰোপৰি আজিৰ এই শুনানিত পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাধাৰন সম্পাদক পলাশ চাংমাই ,তথ্য আৰু যোগাযোগ সম্পাদক ছাবিৰ আহমেদ ন্যায়লয়ত উপস্থিত থাকে। ইতিমধ্যে ‘কা’ বিৰোধীতাৰ বাবে ২৩২ খন লেখ আবেদন দাখিল হৈ আছে উচ্চতম ন্যায়লয়ত। আছু আৰু যুৱ ছাত্ৰ পৰিষদকে ধৰি আন সংগঠনেও দাখিল কৰিছিল লেখ আবেদন। ইতিমধ্যে, দিল্লীত উপস্থিত হৈছে আছু,যুৱ ছাত্ৰ পৰিষদ আৰু আন সংগঠনৰ নেতাসকল।উল্লেখনীয় যে এই শুনানিৰ বাবে সোমবাৰে নতুন দিল্লীত কেইবাটাও সংগঠনৰ নেতা উপস্থিত হৈছিল।