নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ এক ভাল খৱৰ। এথলেটিক ফেডাৰেছন অৱ ইণ্ডিয়াৰ উপ- সভাপতিৰুপে নিৰ্বাচিত হৈছে ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মঙলবাৰে চণ্ডীগড়ত অনুষ্ঠিত হোৱা এথলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ বাৰ্ষিক অধিৱেশনত বৰুৱাক এই পদৰ বাবে নিৰ্বাচিত কৰা হয়। আগন্তুক চাৰি বছৰলৈ এই পদত অধিস্থিত থাকিব বৰুৱা। ইতিমধ্যেই জয়ন্ত মল্ল বৰুৱাই আছাম এথলেটিক ফেডাৰেছনৰ সভাপতি ৰুপে কাৰ্যনিৰ্বাহ কৰি আছে। এই সন্দৰ্ভত মত প্ৰকাশ কৰি জয়ন্ত মল্ল বৰুৱাই কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তৃণমূল পৰ্যায়ত খেল ধেমালিৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি কয়। এইখিনিতে মন কৰিবলগীয়া যে, উত্তৰ- পূৱ ভাৰতৰ অন্য এজন ব্যক্তি অৰ্থাৎ নাগালেণ্ডৰ আবু মেথাও এথলেটিক ফেডাৰেছন অৱ ইণ্ডিয়াৰ উপ- সভাপতিৰুপে নিৰ্বাচিত হৈছে। চণ্ডীগড়ৰ এই বাৰ্ষিক অধিৱেশনতে বাহাদুৰ সিঙক সভাপতি আৰু অঞ্জু ববী জৰ্জক জ্যেষ্ঠ উপ- সভাপতিৰুপে নিৰ্বাচন কৰা হয়। ইপিনে এথলেটিক ফেডাৰেছন অৱ ইণ্ডিয়াৰ সম্পাদক ৰুপে নিৰ্বাচিত হৈছে সন্দীপ মেহতা