গুৱাহাটী,২২ জুলাইঃ ৰাজ্য়ত এইবাৰ মীন বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰী । ২১৭ গৰাকী কৰ্মচাৰীক মীন বিভাগৰ আয়ুক্ত সচিবে বৰ্খাস্ত কৰাৰ নিৰ্দেশজাৰী কৰিলে মীন পৰিচালন সঞ্চালকক ।
২১৭ গৰাকী কৰ্মচাৰীক ২৩ জুলাইৰ ভিতৰত শ্ব’কজ জাৰিৰ সম্ভাৱনাৰ আৰু তাৰ পিছতেই বৰ্খাস্ত হব পাৰে এই সমূহ কৰ্মচাৰী । পূৰ্বৰ একাংশ আমোলা বিষয়াৰ পৃষ্ঠপোষকতাত বহু সংখ্য়াকেই মীন বিভাগত চাকৰি সমূহ লাভ কৰিছিল ।
লগতে দুগৰাকী পৰিচালন সঞ্চালকৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব । বিধায়ক ৰমাকান্ত দেউৰী অধ্য়ক্ষ হিচাপে আৰু এন.চি বসুসতাৰী , অনুৰাগ অধিকাৰী শৰ্মা পৰিচালন সঞ্চালক হিচাপে থকাৰ সময়তে মীন বিভাগত ঘটিছিল কেলেংকাৰী ।
উল্লেখ্য় যে , কোনো ধৰণৰ বিজ্ঞাপন , সাক্ষাৎকাৰ অবিহনেই নিযুক্তি প্ৰদান কৰা হৈছিল ।