সমগ্ৰ শিক্ষা অসমে দাখিল কৰা ২০২৩-২৪ ৰ বাৰ্ষিক প্ৰতিবেদনত উন্মোচিত হৈছে কেতবোৰ কেলেংকাৰী। শিক্ষাসেতু এপৰ জৰিয়তে ধৰা পৰিছে বহু অস্ত্বিত্ববিহীন শিক্ষাৰ্থীৰ কথা, যাৰ জৰিয়তে ইমান দিনে চলি আহিছিল কোটি কোটি টকাৰ লুণ্ঠন। শিক্ষাসেতু এপে প্ৰায় ৪ লাখ ভুৱা শিক্ষাৰ্থী ধৰা পেলাইছে। এই ভুৱা শিক্ষাৰ্থী সকলৰ ইউনিফৰ্ম, মধ্যাহ্ন ভোজন আদিৰ নামত প্ৰায় ২০০ কোটিৰ কেলেংকাৰী পোহৰলৈ আহিছে। অৱশেষত এই অস্ত্বিত্ববিহীন ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাসেতু পৰ্টেলৰ পৰা আঁতৰাই এয়া শিক্ষাবিভাগৰ সফলতা বুলি প্ৰতিবেদন খনে দাবী কৰে।ইয়াৰোপৰি ৰাজ্যত প্ৰতিবছৰে অনুষ্ঠিত হোৱা গুণোৎসৱৰ ফলতেই বিদ্যালয় সমূহৰ আন্ত:গাঁথনি আদিৰ গুণগত মানৰ বিষয়ে শিক্ষাবিভাগ অৱগত হোৱাৰ বাট মুকলি হৈছে। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত অতিৰিক্ত শ্ৰেণীকোঠা, টয়লেট আদিৰ নিৰ্মাণ কৰা হ’ল। ২০২৩-২৪ বৰ্ষতে ৬ খন বিদ্যালয়ৰ উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুললৈ তথা এখনৰ হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰা বুলিও জনোৱা হৈছে প্ৰতিবেদনখনত। সমগ্ৰ শিক্ষা অসমৰ এই প্ৰতিবেদনখনত প্ৰকাশিত তথ্য অনুসৰি, ৰাজ্যৰ ৯৫ খন বিদ্যালয়ত সৌৰশক্তিৰ সংযোগ কৰাৰ উপৰিও ২৫০৭ টা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে। পিছে এই সফলতাৰ খতিয়ানৰ পিছতো ভুৱা শিক্ষাৰ্থীৰ কেলেংকাৰীৰ প্ৰসংগত সৰৱ হৈ পৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাকেশ চক্ৰৱৰ্তী। উচ্চ ন্যায়ালয়ত ইয়াৰ তদন্তৰ দাবী কৰিছে চক্ৰৱৰ্তীয়ে।