শীঘ্ৰেই বন্ধ হ’ব ৰাজ্যৰ ২১৬৫ টা জ্যোতি শিক্ষা কেন্দ্ৰ

Share
নিউজ ডেস্কঃ শীঘ্ৰেই বন্ধ হ’ব  ৩৩ খন জিলাৰ ২১৬৫ টা জ্যোতি শিক্ষা কেন্দ্ৰ।  বাজেট অনুমোদন নোহোৱাৰ অজুহাতত আধাতে স্কুল এৰা আৰু প্ৰব্ৰজিত ল’ৰা-ছোৱালীৰ বাবে স্থাপন কৰা শিক্ষাকেন্দ্ৰসমূহ বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম সৰ্বশিক্ষা মিছনে। উল্লেখ্য যে, প্ৰথম পৰ্যায়ত ১১ খন জিলাৰ ৬৭৬ টা কেন্দ্ৰ বন্ধ কৰা হ’ব। এই সিন্ধান্ত অনুসৰি অহা মাহৰ পৰা আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত কেন্দ্ৰসমূহ বন্ধ কৰি দিয়া হ’ব। সেই ১১ খন জিলা হ’ল কামৰূপ মহানগৰ জিলা, ধেমাজি, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিব্ৰুগড়, লখিমপুৰ,ডিমাহাছাও,যোৰহাট, কোকৰাঝাৰ, গোৱালপাৰা, বাকসা। এই জিলাৰ শিক্ষাকেন্দ্ৰসমূহ ছাত্ৰ-ছাত্ৰীসমূহক মূল বিদ্যালয়লৈ স্থানান্তৰৰ নিৰ্দেশ দিছে অসম সৰ্বশিক্ষা মিছনে।
উল্লেখ্য যে, জ্যোতি শিক্ষাকেন্দ্ৰসমূহৰ বন্ধৰ সিদ্ধান্ত লোৱাৰ সময়তে আকৌ কেন্দ্ৰসমূহৰ লাইব্ৰেৰীৰ বাবে ৬৬ লাখ টকাৰ কিতাপ ক্ৰয় কৰিছে অসম সৰ্বশিক্ষা মিছনে

Leave a Reply

Your email address will not be published. Required fields are marked *