এবছৰৰ ভিতৰত ৰাজ্যত বিক্ৰী কৰা হ’ল প্ৰায় ২১ খনকৈ চাহ বাগিছা। এই কথা অসম বিধানসভাৰ মজিয়াত প্ৰকাশ কৰে শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে।
সঞ্জয় কিষাণে প্ৰকাশ কৰা অনুসৰি , বিগত সময়ছোৱাত ওদালগুৰি জিলাৰ বাদলাপাৰা চাহ বাগিছা বিক্ৰী হোৱাৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বেলিছিৰ চাহ বাগিছা, শিংৰী চাহ বাগিছা, বৰজুৰি চাহ বাগিছা, ঘৈৰাল চাহ বাগিছা, ধলাপাদুং চাহ বাগিছা আৰু চেঁচা চাহ বাগিছা বিক্ৰী তথা হস্তান্তৰ কৰিছে।
চৰাইদেউ জিলাৰ আন চাৰিখন চাহ বাগিছা বিক্ৰী কৰাৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ বাদলাভেটা, শুকানগুৰি, শিলিখা, হাপজান, পেংগাৰী, দেউহাল, দুৱামাৰা, হাটীমাৰী আৰু তাৰা চাহ বাগিছা বিক্ৰী কৰা হৈছে।
তদুপৰি , বৰ্তমান অসম চাহ নিগমৰ অধীনত ১২ খন কৈ বাগিছা লীজত দিয়াৰ প্ৰক্ৰিয়া চলি আছে বুলি মন্ত্ৰী সঞ্জয় কিষাণে জানিবলৈ দিয়ে ।