সৰ্বানন্দ সোণোৱালৰ ওপৰত অৰ্থনৈতিক কৰিড’ৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব

Share

গুৱাহাটী,১১ ছেপ্তেম্বৰঃ নতুন দিল্লীত ৯ আৰু ১০ ছেপ্তেম্বৰত ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হৈ যোৱা G-20 শীৰ্ষ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এই সন্মিলনতে ভাৰত- মধ্যপ্ৰাচ্য-ইউৰোপ ইক’নমিক কৰিডৰৰ ঘোষণা হ’ল। ভাৰত- মধ্যপ্ৰাচ্য-ইউৰোপ ইক’নমিক কৰিডৰ চুক্তি অনুসৰি ভাৰতৰ পশ্চিম প্ৰান্তৰ পৰা আৰৱ উপসাগৰীয় দেশলৈ সমুদ্ৰপথেৰে বাণিজ্যিক কৰিডৰ হ’ব।

চেন্নাইৰ পৰা ৰাছিয়াৰ বন্দৰ চহৰ ভ্লাদিভস্তকলৈ সমুদ্ৰ পথেৰে বাণিজ্যিক কৰিডৰৰ বাবেও তৎপৰ হৈছে ভাৰতবৰ্ষ। লগতে  এই সামুদ্ৰিক অৰ্থনৈতিক কৰিডৰ সম্প্ৰসাৰণৰ প্ৰসংগত আলোচনাৰ বাবে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাছিয়া অভিমুখে যাত্ৰা কৰিছে।

ৰাছিয়াৰ ভ্লাদিভস্তকত ১০ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্তেম্বৰলৈ আয়োজিত হোৱা ‘প্ৰাচ্য অৰ্থনৈতিক মঞ্চ’ত (Eastern Economic Forum) কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কবিৰ।ভাৰত- ৰাছিয়াৰ মাজত কম সময়তে সামগ্ৰী পৰিবহনেৰে সৃষ্টি কৰিব দ্বিপাক্ষিক বাণিজ্যৰ নতুন দিগন্ত। ভাৰতৰ বন্দৰৰ পৰা ৰাছিয়াৰ সবাতোকৈ পূব প্ৰান্তৰ বন্দৰলৈ সামগ্ৰী পৰিবহনৰ সময় ২৪ দিনলৈ হ্ৰাস পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *