বিভাজনৰ দিশে অসম আৰু বংগ।গঠন হ’ব গ্ৰেটাৰ কোচবিহাৰ । এই হুংকাৰ অনন্ত মহাৰাজৰ ।
ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিয়েই গ্ৰেটাৰ কোচবিহাৰ গঠন কৰাৰ দাবি উত্থাপন কৰে অনন্ত মহাৰাজে ।
কোচবিহাৰ পিপলছ এছ’চিয়েশ্যনৰ সভাপতি হয় নগেন্দ্ৰ ৰায় ওৰফে অনন্ত মহাৰাজ।
কোচবিহাৰৰ নগেন্দ্ৰ ৰায় ওৰফে অনন্ত মহাৰাজে বিজেপিৰ হৈ ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত এই দাবী উত্থাপন কৰাৰ পাছতে সৃষ্টি হয় তীব্ৰ বিতৰ্কৰ।
পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুখেন্দু শেখৰ ৰায়ে অনন্ত মহাৰাজ আৰু বিজেপিক সালোচনা কৰে। বিজেপিয়ে বিচ্ছন্নতাবাদীৰ পৃষ্ঠপোষকতা কৰিলেও তেওঁলোকৰ বংগ বিভাজনৰ চক্ৰান্ত সফল নহ’ব বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ সুখেন্দু শেখৰ ৰায়ে ।
উল্লেখযোগ্য যে ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিয়েই গ্ৰেটাৰ কোচবিহাৰ গঠন কৰাৰ দাবি উত্থাপন কৰে অনন্ত মহাৰাজ ৰায়ে।
এই দাবি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ লৈ যাব আৰু আলোচনা কৰাৰ কথাও সদৰী কৰে। গ্ৰেটাৰ কোচবিহাৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঠন কৰাৰ বাবে কেন্দ্ৰৰ ওচৰত দাবি উত্থাপন কৰিম। সেয়া জনসাধাৰণে বিচাৰিছে। কেৱল উত্তৰ বংগই নহয় অসম আৰু বিহাৰৰ লোকেও বিচাৰিছে।
অনন্ত মহাৰাজৰ এই বক্তব্যৰ পিছতে তৃণমূল কংগ্ৰেছে বিজেপিক সমালোচনা কৰে। সুখেন্দু শেখৰ ৰায়ে কয়, মমতা বেনাৰ্জীৰ নেতৃত্বত বঙালী মানুহে বিগত এক দশক ধৰি লোকসভা হওক বা বিধানসভা নিৰ্বাচনত বিজেপিক পৰাজয়ৰ সোৱাদ দিছে। সেয়ে ৰাজনীতিৰ বাবেই বিজেপিয়ে বংগ, অসম, বিহাৰ ভাগ কৰাৰ চক্ৰান্ত সফল কৰাৰ বাবে বিচ্ছন্নতাবাদীৰ পৃষ্ঠপোষকতা কৰিছে।
উল্লেখ্য যে,কে এল অ’ নামৰ নিষিদ্ধ ঘোষিত সংগঠনৰ এজন পলাতক নেতাক অসমত আশ্ৰয় দিয়া হৈছে বুলি জানিব পৰা গৈছে। বিভাজনকাৰী শক্তিক অস্ত্ৰ প্ৰশিক্ষণ দিছে। বিজেপিয়ে যিয়েই নকৰক কিয় বংগৰ মানুহে বিজেপিৰ এই জঘণ্য খেলক নস্যাৎ কৰিবলৈ একত্ৰিত হৈছে।