শিক্ষা আৰু সাহিত্য জগতৰ উজ্জ্বল নক্ষত্ৰ আনন্দৰাম বৰুৱাৰ মৃত্যুবাৰ্ষিকী

Share

সংস্কৃত ভাষাৰ  এজন বিদগ্ধ পণ্ডিত লগতে অসমীয়া সাহিত্য জগতৰ অন্যতম উজ্জ্বল নক্ষত্ৰ আনন্দৰাম বৰুৱাদেৱৰ আজি মৃত্যুতিথি। আনন্দৰাম বৰুৱাদেৱ অসমৰ প্ৰতিটো প্ৰজন্মৰ বাবে চিৰস্মৰণীয় এক আদৰ্শ ব্যক্তিৰ নাম। বৰুৱাদেৱৰ আদৰ্শই বৰ্তমান এখন উচ্চ মানৰ শিক্ষিত ৰাজ্য নিৰ্মাণৰ দিশত অনুপ্ৰেৰণা যোগাইছে। ঊনৈশ শতিকাৰ এইগৰাকী মহান অসমীয়াৰ জ্ঞান অন্বেষণৰ যাত্ৰাই আজিৰ অসমৰ শিক্ষা সংস্কৃতিৰ ভেটি ৰচনা কৰিছিল।  অসমৰ প্ৰথম স্নাতক আনন্দৰাম বৰুৱা আছিল ভাৰতৰ ভিতৰতে পঞ্চম  আৰু অসমৰ প্ৰথমজন আই. চি. এছ. বিষয়া। ব্ৰিটিছ শাসনৰ কালত জিলা মেজিষ্ট্ৰেট পদত অধিষ্ঠিত আনন্দৰাম বৰুৱাই প্ৰথমজন অসমীয়া। আনকি তেঁৱেই সেই পদবী পোৱা প্ৰথমজন  ভাৰতীয় সন্মানৰো অধিকাৰী। কৰ্মই আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল। তেওঁৰ মতে কৰ্মই জীৱন আৰু আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। অদম্য কৰ্মস্পৃহা আৰু কৰ্মী মনোভাৱ থকা বাবেই জীৱনকালৰ অতি চমু যাত্ৰাতো তেওঁ অতি উচ্চ মানদণ্ডৰ গ্ৰন্থ ৰচনা কৰি বিশ্ববিখ্যাত হৈ পৰিছিল। মাত্ৰ ৩৯ বছৰ বয়সতে ১৮৮৯ চনৰ ১৯ জানুৱাৰী তাৰিখে অসম গৌৰৱ আনন্দৰাম বৰুৱাই মৃত্যুবৰণ কৰে। মহান সত্বাগৰাকীৰ অতুলনীয় পাণ্ডিত্য, অধ্যৱসায়, জাতিপ্ৰেমে তেখেতক সময়ৰ বুকুত অমৰত্ব কৰিছে। তেওঁৰ মৃত্যু দিৱসত ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবিনেটৰ মন্ত্ৰীসকলেও শ্ৰদ্ধাৰে সোঁৱৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *