নৱ-নিৰ্মিত বিধানসভাত পাচঁদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল বিধানসভাৰ শৰৎকালীন অধিৱেশন। অসম বিধানসভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনপঞ্জী সোমবাৰৰ চৰকাৰী কাৰ্যসূচী অনুসৰি মৃত্যু প্রসংগ, প্রশ্ন শিতানৰ লগতে অধ্যক্ষই অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব।
বিধান সভাৰ অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্রতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন সূচী ।
আনহাতে, ১৩ ছেপ্টেম্বৰৰ দিনা বেচৰকাৰী সদস্যৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, সদ্যসৰ সময়, বিধেয়ক দাখিল, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি আলোচনা কৰা হ’ব। ১৫ ছেপ্টেম্বৰৰ দিনা কাৰ্যসূচী অনুসৰি প্রশ্নৰ শিতান, ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন বিধেয়কসমূহ উপস্থাপন, বিবেচনা তথা পাতিকৰণ আলোচনা কৰা হ’ব।
অধিৱেশনৰ পূৰ্বেই উন্মোচন কৰা হ’ব নতুন বিধানসভা ভৱনত নিৰ্মিত জাতিৰ পিতা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি।