ভাৰত-পাকিস্তানৰ যুদ্ধত ৰাছিয়াই পঠাইছিল পাৰমানৱিক ক্ষেপনাস্ত্ৰ সজ্জিত দুখন জাহাজ

Share

১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধই জন্ম দিছিল এখন নতুন দেশৰ। পশ্চিম পাকিস্তানৰ পৰা বিচ্ছিন্ন হৈ পূৱ পাকিস্তান ৰূপান্তৰিত হৈছিল বাংলাদেশলৈ। পশ্চিম পাকিস্তানৰ বিৰুদ্ধে  প্ৰায় ৯ মাহ জুৰি চলা এই সহস্ৰ সংগ্ৰামত ভাৰতবৰ্ষক সহায় কৰিছিল বিভিন্ন খন আন্তঃৰাষ্ট্ৰীয় মিত্ৰ শক্তিয়ে।

ভাৰতে মূলতঃ চাৰিখন মহাশক্তি ক্ৰমে ফ্ৰান্স, ব্ৰিটেইন আৰু ছোভিয়েট ৰাচিয়াৰ সৈতে একলগ হৈ পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল।  ৬ আৰু ১৩ ডিচেম্বৰত ছোভিয়েট  ইউনিয়নৰ নৌসেনাইও ব্লাডিভষ্টকৰ পৰা পাৰমাণৱিক ক্ষেপনাস্ত্ৰৰে সজ্জিত দুটা জাহাজৰ গোট পঠাই দিয়ে। ভাৰতৰ সমৰ্থনত ৭৫ হাজাৰ টন ওজনৰ পাৰমানৱিক চালিত বিমান, ৭০ খনতকৈও অধিক যুজাৰু বিমান আৰু বোমা কঢ়িয়াই অনা বিশ্বৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ প্ৰেৰণ কৰিছিল।

১৯৭১ চনৰ ৯ আগষ্টত ভাৰতে ছোভিয়েট ইউনিয়নৰ সৈতে স্বাক্ষৰ কৰা দ্বি-পাক্ষিক ‘শান্তি আৰু বন্ধুত্ব’ চুক্তিৰ জৰিয়তে তিনি মাহৰ ভিতৰতে বাংলাদেশৰ মুক্তি যুদ্ধত গৌৰৱময় বিজয়ৰ ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত বাংলাদেশক পাকিস্তানৰ পৰা উদ্ধাৰ কৰা সেই বিশেষ দিনটোত অৰ্থাৎ ১৬ ডিচেম্বৰৰ দিনা প্ৰত্যেক বছৰে ভাৰতত বিজয় দিৱস হিচাপে পালন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *