কেবিনেটৰ সিদ্ধান্ত

Share

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।তাৰ ভিতৰত প্ৰাদেশীকৃত মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদোন্নতি,শ্বহীদ কনকলতা বিশ্ববিদ্যালয় স্থাপনত অনুমোদন,বিটিআৰলৈ ৪০০ কোটি টকাৰ অৰ্থসাহাৰ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণকৰে।ইয়াৰ উপৰি ৰাজ্যৰ প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ মুঠ ১৭০৫ গৰাকী সহকাৰী অধ্যাপকৰ পদোন্নতিত অনুমোদন জনোৱাৰ লগতে সহকাৰী অধ্যাপকক চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পদোন্নতি দিয়া হ’ব।তাৰ লগতে ২২ ফেব্ৰুৱাৰীত ড০ শৰ্মাৰ মন্ত্ৰী সভাৰ সকলো মন্ত্ৰী অযোধ্যালৈ যোৱাৰ সিদ্ধান্ত গ্ৰূহণ কৰে।ইযাৰ উপৰি আগন্তুক গমৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব সেই সিদ্ধান্তও গ্ৰহণ কৰে।ইয়াৰ লগতে বসুন্ধৰা ০.২ৰ অধীনত শোণিতপুৰ,তিনিচুকীয়া,ধেমাজি,নগাওঁ,বিশ্বনাথ,কামৰূপ(মহানগৰ),কামৰূপ,বঙাইগাওঁ,গোৱালপাৰা আৰু ধুবুৰী জিলাত ভূমিহীন খিনঞ্জীয়া পৰিয়ালৰ বাবে ভূমি নিষ্পত্তিৰো অনুমোদন দিয়ে কেবিনেটে।কেবিনেটে পৰীক্ষাৰ সময়ত প্ৰশ্নকাকত ফাদিল হোৱা আৰু নীতিবহিৰ্ভূত কাৰ্যকলাপ ৰোধ কৰিবলৈ আছাম পাব্লিক এগ্জামিনেচন বিল ২০২৪ ত অনুমোদন জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *