তিনিদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে আমেৰিকালৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মঙলবাৰে নিশা আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ প্ৰথম দিনটোতে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কক সাক্ষাৎ কৰি দীঘলীয়া বাৰ্তালাপ কৰে।
ইলন মাস্কে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছতে দৃঢ়তাৰে প্ৰকাশ কৰে যে ভাৰতৰ আন যিকোনো বৃহৎ দেশতকৈ অধিক প্ৰতিশ্ৰুতি আছে আৰু তেওঁ দেশখনৰ ভৱিষ্যতক লৈ অতি উৎসাহিত।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণত ইলন মাস্কক সাক্ষৎ কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ সৈতে আলোচনাত মিলিত হয়। এই ভ্ৰমণৰ সময়তে আমেৰিকাৰ লগত এমকিউ-৯বি ৰিপাৰ ড্ৰোনৰ চুক্তি স্বাক্ষৰ কৰিব। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিভিন্ন ক্ষেত্ৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশিষ্ট ব্যক্তিসকলকো সাক্ষাৎ কৰে ।