ইতিহাস হ’ব মেট্ৰিক পৰীক্ষা। এতিয়াৰে পৰা আৰু গুৰুত্ব নাথাকিব মেট্ৰিক পৰীক্ষাৰ। সোমবাৰে মঙলদৈত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক জনসভাত সদৰি কৰে যে, ‘‘ মেট্ৰিক বুলি বেলেগ পৰীক্ষা নহয়। এইবাৰ মেট্ৰিক ক্লাছ পৰীক্ষাৰ দৰে হ’ব। ফেইল–পাছ থাকিব, কিন্তু স্কুলতে হ’ব। বিদ্যালয়ে পৰীক্ষা পাতিব বা যিবিলাক অধিবিদ্যা পৰিষদ আছে তেওঁলোকে কৰিব। দ্বাদশ শ্ৰেণীটো ব’ৰ্ড হ’ব, দশম শ্ৰেণীটো আৰু ব’ৰ্ড নহয়।’’
ইফালে ৰাজ্যত চলিত শিক্ষা বৰ্ষতে বিলুপ্ত হ’ব অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। দুয়োখন পৰিষদ বিলুপ্ত ঘটাইগঠন কৰা হ’ব নতুন বোৰ্ড।
‘‘দশম শ্ৰেণীৰ গুৰুত্ব নাথাকিব নতুন শিক্ষা নীতিত। যাতে ল’ৰা–ছোৱালীয়ে দশম শ্ৰেণীৰ পৰা একাদশ–দ্বাদশ পঢ়িব পাৰে, নতুন এডমিশ্যন ল’ব নালাগে। সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষা নীতিত দশম শ্ৰেণীৰ গুৰুত্ব কমাই দিয়া হৈছে।’’ – ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিত দশম শ্রেণীৰ গুৰুত্ব কমাই দিয়া হৈছে। ইয়াৰ বিপৰীতে দ্বাদশ শ্রেণীত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত দ্বাদশ শ্রেণীৰ পৰীক্ষা ব’ৰ্ডৰ অধীনত অনুষ্ঠিত কৰা হ’ব।