অসমৰ ২.৪৩ লাখ স্কুলীয়া ছাত্ৰ-ছাত্ৰীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমীয়াত লিখা পত্ৰ;

Share

দেশৰ স্কুলীয়া শিক্ষাৰ্থীক সকলক প্ৰণোদিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৪০ লক্ষ ছাত্ৰ-ছাত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব।মোডীৰ পৰীক্ষা পে চৰ্চা অনুষ্ঠানত ২০২৩ বৰ্ষত অংশগ্ৰহণ কৰিবলৈ mygov এপৰ যোগেদি আবেদন জনোৱা ৪০ লাখ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই পত্ৰ।প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ মাতৃভাষাত অভিভাৱকলৈ সম্বোধি এই পত্ৰ প্ৰেৰণ কৰিব ।

উল্লেখ্যযোগ্য  যে, অসমৰ ২.৪৩ লাখ ছাত্ৰ- ছাত্ৰীয়ে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে মোডীৰ পত্ৰ লাভ কৰিব ।দেশৰ ভিতৰতে সৰ্বাধিক পত্ৰ যাব গুজৰাটলৈ ।পশ্চিমৰ ৰাজ্যখনলৈ তামিল ভাষাত লিখা পত্ৰ যাব ৬.৫ লাখ আৰু দ্বিতীয় স্থানত আছে অসম।

আনহাতে, প্ৰধানমন্ত্ৰীৰ পত্ৰৰ বিভিন্ন আধনিক ভাৰতীয় ভাষালৈ অনুবাদ কাম ইতিমধ্যে National Book Trust য়ে আৰম্ভ কৰিছে।এই পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে লিখিছে-”অনাগত ২৫ বছৰ দেশৰ কাৰণে অমৃতকাল, য’ত আমি ভাৰতক বহনক্ষম দেশলৈ ৰুপান্তৰ কৰাৰ সংকল্প লৈ আগবাঢ়ি যাব লাগে;যিয়েই ক্ষেত্ৰ নহওক আমাৰ দেশত সম্পদ আৰু সম্ভাৱনীয়তাৰ অভাৱ নাই।”২০২৩ বৰ্ষত আবেদন জনোৱা ৪ লাখৰ ভিতৰত ২৪০০জনেহে ‘পৰীক্ষা পে চৰ্চা ‘অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিল।মোডীৰ ২০১৮ চনৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত এতিয়ালৈকে ব্যয় হৈছে ২৮ কোটি টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *