হাগ্ৰামাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে প্ৰমোদ বড়োৱে

Share

হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে UPPL প্ৰধান প্ৰমোদ বড়োৱে।BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কামৰুপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰমোদ বড়োৱে তৰিলে গোচৰ।

উল্লেখ্য যে,বিপিএফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ ঘৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছিল বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।এই ঘটনাৰ পিছতে বিপিএফ প্ৰধান  হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োৰ বিৰুদ্ধে উথ্থাপন কৰিছিল গুৰুতৰ অভিযোগ।

BPF ৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ ঘৰত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ প্ৰমোদ বড়োৱে লুকাই ৰখা বুলি অভিযোগ কৰিছিল হাগ্ৰামা মহিলাৰীয়ে।কামৰুপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাগ্ৰামাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে্। 

Leave a Reply

Your email address will not be published. Required fields are marked *