তামিল নাডুত ৰে’ল দূৰ্ঘটনাত ১০ গৰাকী যাত্ৰী অগ্নিদগ্ধত নিহত ৫০ গৰাকী আহত

Share
তামিল নাডুৰ পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত সংঘটিক হোৱা অগ্নিকাণ্ডত ১০ জনকৈ তীৰ্থযাত্ৰী অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে । অতি কমেও ৫০ জন লোক এই অগ্নিকাণ্ডৰ ফলত আহত হৈছে । তামিলনাডুৰ মাডুৰাইত শনিবাৰে পুৱা এই ৰে’লখনৰ এটা প্ৰাইভেট পাৰ্টী ক’ছত সংঘটিত হৈছে এই ঘটনা। এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড সংঘটিক হৈছিল । জানিব পৰা মতে এই গেছ চিলিণ্ডাৰটো যাত্ৰীসকলে অবৈধ ভাৱে লৈ গৈছিল । এই প্ৰসংগত দক্ষিণ ৰে’লৱেৰ বিষয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে, মাদুৰাইত আজি পুৱা ৫-১৫ বজাত পুনালুৰ-মাদুৰাই এক্সপ্ৰেছৰ এটা প্ৰাইভেট ক’ছত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।
ৰে’লখনৰ অন্যান্য ক’ছত কোনো ক্ষয় ক্ষতি হোৱা নাই । যাত্ৰীসকলে অবৈধভাৱে সৰবৰাহ কৰা গেছ চিলিণ্ডাৰৰ বাবে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ১০ জন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে । আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । এই যাত্ৰীসকলে উত্তৰ প্ৰদেশলৈ ধৰ্মীয় যাত্ৰা কৰিছিল । এই তীৰ্যযাত্ৰীৰ মাজৰে এজনে গেছ ষ্টভত কফি বনাবলৈ গেছ জ্বলোৱাৰ সময়তে চিলিণ্ডাৰটো বিস্ফোৰিত হয় । ইফালে এই ঘটনাত নিহত সকললৈ ৰেলৱেই ১০ লাখলৈ টকা ক্ষতিপূৰণ হিচাপে ঘোষণা কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *