ৰাজ্যত গঠন হ’ব নতুন আঞ্চলিক দল

Share

অসম ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে ক্ৰমাৎ যেন ক্ষোভ বৃদ্ধি পাইছে দলটোৰ একাংশ জ্যেষ্ঠ নেতাৰ।নেতৃত্ব লয় প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোঁহায়ে।২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নতুন দল গঠনৰ সম্ভাৱনা।অসম বিজেপিৰ বিৰুদ্ধে অসন্তষ্ট বিজেপিৰ একাংশ নেতাক শেহতীয়াকৈ ঐক্যবদ্ধ কৰি বিজেপিৰ বিৰুদ্ধে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ আৰম্ভ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে।শেহতীয়াকৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উজনি অসমত খোপনি পুতি বিজেপিৰ পুৰণি নেতাৰ সৈতে সঘনাই বৈঠকত মিলিত হৈছে দলটোৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই।বিজেপিৰ বহু পুৰণি নেতাক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।আনহাতে উজনি অসমত সভা-সমিতি কৰি দলৰ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ ব্যক্ত কৰিবলৈ আৰম্ভ কৰিছে নেতাগৰাকীয়ে।আগন্তক বিধানসভা অথবা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি অসমত বিজেপিৰ পুৰণি নেতাৰ নেতৃত্বত নতুন আঞ্চলিক দল গঠন হয়,তেনেহলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত সলনি হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 

Leave a Reply

Your email address will not be published. Required fields are marked *