নিউইয়ৰ্কৰ পৰা শেহতীয়াকৈ প্ৰকাশিত হোৱা টাইম আলোচনীৰ শ্ৰেষ্ঠ কোম্পানীৰ তালিকাত স্থান পোৱা একমাত্ৰ ভাৰতীয় প্ৰতিষ্ঠান হৈছে ইনফ’ছিচ । ২০২৩ বৰ্ষৰ শীৰ্ষ ১০০ টা প্ৰতিষ্ঠানৰ ভিতৰত ইনফ’ছিচে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।
১৯৮১ চনত স্থাপিত হোৱা ইনফ’ছিচত কৰ্মৰত হৈ আছে ৩,৩৬,০০০ৰো অধিক কৰ্মচাৰী । ৪০ বৰ্ষতকৈও অধিক কাল নিজৰ বিজয় ধ্বজ্বা উৰাই অহা এই প্ৰতিষ্ঠানটোৱে ছফ্টৱেৰ সেৱাৰ উত্তৰণৰ ক্ষেত্ৰত বিশ্বত বহুল ব্যাপি অৰিহণা যোগাই আহিছে । ইনফ’ছিচৰ লগত তালিকাত স্থান পোৱা শীৰ্ষ আন দুই কোম্পানী হৈছে এক্সেঞ্চাৰ আৰু ডেলয়েট।