লাভলীনা বৰগোহাঁইৰ বৃহৎ জয়লাভ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত

Share

নতুন দিল্লীত ২০ মাৰ্চ সোমবাৰে ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হোৱা আই বি মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা লাভলীনা বৰগোহাঁইৰ বৃহৎ জয়লাভ। সোমবাৰে লাভলীনাই ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখনত ৫-০ গ’লৰ বিজয় পঞ্জীয়ণ কৰাৰ আগতে মেক্সিকোৰ ভানেছা অৰ্টিজক পৰাস্ত কৰে। 

অসম কন্যা লাভলিনাই বিপক্ষ অৰ্টিজক ৫-০ত পৰাস্ত কৰি প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এই মেচখনত লাভলিনাই বিপক্ষ বক্সাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাই মেচৰ অন্তত কয় যে এই জয়ে তেওঁৰ আত্মবিশ্বাস বঢ়াই তুলিব। আনহাতে তেওঁ মেচৰ আগত খেলৰ প্ৰস্তুত কৰা ৰণনীতি অনুসৰণ কৰি খেলিব পৰাৰ কথা উল্লেখ কৰে।

উল্লেখযোগ্য যে আগন্তুক পৰৱৰ্তী মেচত লাভলিনাই জয়লাভ কৰিলেই পদক লাভ কৰাৰ আশা দেখা যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *