মাৰ্ঘেৰিটা মহকুমাৰ সংৰক্ষিত বনাঞ্চলত চলিছে অবৈধ কয়লা খনন আৰু বনাঞ্চল ধ্বংসৰ কাৰ্য্য়। এই স্থান পৰ্য্য়বেক্ষণৰ বাবে ২৭ ডিচেম্বৰত জিলা প্ৰশাসনক অনুমতিৰ বাবে অসম জাতিয় পৰিষদে আবেদন কৰিছিল যদিও অনুমতি পোৱা নাই এই মুহূৰ্তলৈ। অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভুঞাই সংবাদ মাধ্য়মৰ জৰিয়তে জনাই যে ”আমি বুজি পোৱা নাই,আমাক ভিতৰলৈ কিয় অনুমতি নিদিয়ে ?”যদি উক্ত স্থান সমূহত একো অবৈধ কাম চলি থকা নাই তেন্তে যাবলৈ অনুমতি দিব লাগে।”