শোভাশ্ৰী বাৰিক,৭অক্টোবৰঃ সমগ্ৰ বিশ্বক মেলেৰীয়ামুক্ত কৰাৰ উদ্দেশ্যে আগত লৈ বিশ্ব স্বাস্থ্য সন্থাই অনুমোদন ৰজনালে প্ৰথমটো মেলেৰীয়া ৰোগৰ প্ৰতিষেধক।অক্টোবৰৰ ৬তাৰিখে বিশ্ব স্বাস্থ্য সন্থাৰ সচিব প্ৰধান ট্ৰেডচ আধানম ঘেবৰেয়েচুছে সংবাদ মেল যোগে এই কথা ঘোষণা কৰে।বিজ্ঞানী সকলে দাবী কৰা মতে, মেলেৰীয়াৰ সবাতোকৈ ভয়াৱহ পৰজীৱী plasmodium falciparum কো প্ৰতিৰোধ কৰিব পাৰে এই প্ৰতিষেধকে।উল্লেখযোগ্য যে, এইটোৱেই প্ৰথম মেলেৰীয়া ভেকচিন যি European Medical Agency ৰ পৰাও ইতিবাচক সহাৰি লাভ কৰিছে।ইতিমধ্যে আফ্ৰিকাৰ চাৰিখনক্ৰমে ঘানা,কেনিয়া আৰু মালাবিৰ ৮ লক্ষ শিশুক এই প্রতিষেধক প্ৰদান কৰি সুফল পোৱা গৈছে।