বৃহৎ পৰিমাণৰ ঋণেৰে অভিলেখ সৃষ্টি অসম চৰকাৰৰ

Share

বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণেৰে প্ৰায়ে চৰ্চাত থকা অসম চৰকাৰে ডিচেম্বৰ মাহত পুনৰ ললে ঋণ। বছৰটোৰ আৰম্ভণিতে জানুৱাৰীত ১৭৫০ টকাৰ ঋণ লৈছিল অসম চৰকাৰে। কিন্তু সেয়া যেন আৰম্ভণিহে আছিল।ইয়াৰ পিছত প্ৰতি মাহতে ঋণ লৈ গল অসম চৰকাৰে। শোচনীয় বিত্তীয় অৱস্থাৰ পিছতো চৰকাৰে হিতাধিকাৰী আঁচনিৰ নামত ব্যয় কৰিছে লক্ষাধিক টকা। ৩৭.২ লাখ মহিলাক প্ৰতিমাহে ১২৫০ টকাকৈ দিয়াৰ নামত ব্যয় হয় ৫,২০০ কোটি টকা। একেদৰে স্কুটী, চাইকেল বিতৰণৰ নামত ৭৭৫ কোটি, নিযুত মইনাৰ নামত ২৪০ কোটি, মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ বাবদ ৫৫০ কোটি ব্যয় হৈছে ৰাজ্য চৰকাৰৰ। পিছে মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ প্ৰত্যুত্তৰত কয় যে অসমত ক্ৰমাত বাঢ়িছে ৰাজ্যিক ঘৰুৱা উৎপাদন। লগতে জনমুৰি আয়ো ১,৮২,৬০০ টকালৈ বৃদ্ধি হোৱা বুলি দাবী কৰিছে শৰ্মা চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *