বাংলাদেশৰ পৰিস্থিতি চিন্তনীয়,অসমত প্ৰভাৱ পৰাৰ আশংকাঃ মুখ্যমন্ত্ৰী

Share

শেহতীয়াকৈ বাংলাদেশত সংঘটিত হোৱা সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি চিন্তাৰ বিষয় বুলি উল্লেখ কৰি উদ্বেগ প্ৰকাশ কৰে যেঅনাগত দিনত অসমত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। তেওঁ লগতে দাবী কৰে যেৰাজ্যখনত জেহাদী উপাদান” বহুদিনৰ পৰাই আছে আৰু কিছুমানে এতিয়াও শ্লীপাৰ চেল হিচাপে কাম কৰি থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰেমুখ্যমন্ত্ৰীয়ে কয় যেবাংলাদেশৰ হিন্দু সম্প্ৰদায়ক লক্ষ্য কৰি বিগত কেইসপ্তাহমানৰ পৰা হিংসা তীব্ৰতৰ হৈ পৰিছেদেশৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ মাজতে সংখ্যালঘুৰ ওপৰত আক্ৰমণ আৰু গোপন হিংসা এক বৃহৎ সংকট হিচাপে প্ৰতিফলিত হৈছে। তেওঁ সতৰ্কতা বৃদ্ধি আৰু পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।সেয়েহে আমি সকলো সজাগ হৈ থাকিব লাগিব আৰু পৰিস্থিতি নিৰীক্ষণ কৰিব লাগিব। বাংলাদেশৰ হিন্দু সমাজকো আমি উৎসাহিত কৰিব লাগিব।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই। উল্লেখ্য যে২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ হিন্দু জনসংখ্যা প্ৰায় ১ কোটি ৩১৩ লাখমুঠ জনসংখ্যাৰ প্ৰায় ৭.৯৫ শতাংশ।অসমৰ ভিতৰত মৌলবাদী কাৰ্যকলাপৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যেবিগত দশকত নিৰাপত্তা সংস্থাসমূহে উগ্ৰপন্থীৰ উপস্থিতিৰ প্ৰমাণ বাৰে বাৰে বিচাৰি পাইছে। তেওঁ কয়, “অসমত জেহাদী আছেআৰু আমি বিগত ১০ বছৰত বাৰে বাৰে ইয়াৰ প্ৰমাণ পাইছো। কিছুমান এতিয়াও কৰবাত গুপ্তভাৱে আছে,সেয়েহে এই সকলোবোৰ চিন্তাৰ বিষয়।বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বাংলাদেশৰ মৌলবাদী গোটৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত অসম আৰু ত্ৰিপুৰাত ১১ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলআৰু তেওঁলোকে উত্তৰ-পূক অশান্ত কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *