পুনৰ বাঢ়িলে টোল গেটৰ কৰ

Share

জনসাধৰণৰ মূৰত আন এক মাধমাৰ। জীৱনদায়িনী ৩৮৪ বিধ অত্যাৱশকীয় ঔষধৰ দাম বৃদ্ধি হোৱাৰ পিছতে পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি কৰা হ’ব টোল গেটৰো কৰ। উল্লেখ্য ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ( এনএইচএআই) য়ে ১৫ শতাংশ লৈ বৃদ্ধি কৰিছে টোল গেটৰ কৰ। যাৰ বাবে সাধৰণ জনতাই বৰ্ধিত হাৰত দিব লাগিব  টোল গেটৰ মাছুল।

উল্লেখ্য যে অত্যাৱশকীয় সামগ্ৰী, পেট্ৰল-ডিজেল , ঔষধৰ মূল্যবৃদ্ধিৰ পিছতে চৰকাৰৰ আন এক সিদ্ধান্তই ৰাষ্ট্ৰীয় ঘাইপথসমূহেৰে চলাচল কৰা জনসাধৰণৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে।এনএইচএআই নিৰিখ কৰা অনুসৰি মদন,নাজিৰাখাত, ৰহাত  বৃদ্ধি কৰা হব মাছুল। 

উল্লেখ্য যে ‘নেচনেল ৰোডছ ফী ( ডিটাৰমিনেচন অৱ বেটছ এণ্ড কালেকচন ) ৰুলছ ২০০৮ ৰ অধীনত এনএইচএআই কতৃপক্ষই প্ৰতিবছৰে টোল গেটৰ কৰৰ সংশোধন ঘটায় টোল গেটৰ কৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *