মাধুৰ্য্য শইকীয়া
১৩জুলাই: লাভলিণাৰ পাছতেই পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যাই । এইবাৰ ৰাষ্ট্ৰীয় ভাৰোত্তলণ প্ৰতিযোগিতা অসমৰ মধুস্মৃতি বৰুৱাৰ সফলতা ।মধুস্মৃিতাৰ এই সফলতাই পুনৰ বাৰ ৰাষ্ট্ৰীয় পেক্ষাপটত জিলিকাই তুলিলে অসমৰ নাম । আন্ত :ৰাজ্যিক ৰাষ্ট্ৰীয় ভাৰোত্তলন প্ৰতিযোগিতাত 87 কেজি শাখাত মধুস্মৃিতা বৰুৱাই লাভ কৰিছে ৰূপৰ পদক ।পাঞ্জাৱৰ পাতিয়ালাত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা । জানিব পৰা মতে মধুস্মৃিতা বৰুৱাৰ ঘৰ যোৰহাটৰ মৰিয়নিত আৰু মধুস্মৃিতাৰ এই সফলতাৰ পিছতেই আনন্দ উল্লাহেৰে ভৰি পৰিছে সমগ্ৰ মৰিয়নি ।