মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮ ফেব্ৰুৱাৰী দেওবাৰে দিছপুৰস্হিত লোকসেৱা ভৱনত অনুষ্ঠিত কৰা সংবাদমেলত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ তেওঁৰ পৰিবাৰ এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তানৰ সৈতে লিংক সন্দৰ্ভত তথ্য প্ৰমাণ ৰাজহুৱা কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।অসম কেবিনেট বৈঠকত গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কীয় বিশেষ তদন্তকাৰী গোটৰ SIT প্ৰতিবেদন আলোচনা কৰা পিছতেই এই সংবাদমেলৰ আয়োজন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শ্বৰ্মাই।১০ চেপ্তেম্বৰত এই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ কথা আছিল যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ বাবে পিছুৱাই ৰখা হৈছিল বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড০ শ্বৰ্মাই । মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে ‘লিড পাকিস্তান’ (LEAD Pakistan) নামৰ এটা পাকিস্তানী সংস্থাৰ হৈ কাম কৰিছিল য’ৰ মুৰব্বী আছিল আলী তৌকীৰ শ্বেখ নামৰ এজন ব্যক্তি । তেওঁৰ দৰমহাৰ এক বৃহৎ অংশ পাকিস্তানৰ পৰাই পোনপটীয়াকৈ আহিছিল বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে ।
২০১৩ চনত গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰক অৱগত নকৰাকৈ পাকিস্তানলৈ ১০ দিনীয়া এক গোপন ভ্ৰমণ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে । এই ভ্ৰমণৰ সময়ত তেওঁ ছচিয়েল মিডিয়াৰ পৰাও আঁতৰি আছিল বুলি দাবী কৰা হৈছে ।২০১৫ চনত গৌৰৱ গগৈয়ে এদল যুৱকক লৈ দিল্লীস্থিত পাকিস্তান হাই কমিছনলৈ গৈ সেই সময়ৰ হাই কমিছনাৰ আব্দুল বাছিটক লগ কৰিছিল বুলিও সংবাদমেলত এখন ফটো দেখুওৱা হৈছে ।এলিজাবেথ গগৈয়ে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় এক গোপন প্ৰতিবেদন পাকিস্তানলৈ প্ৰেৰণ কৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।
এই বিষয়টো দেশৰ নিৰাপত্তাৰ সৈতে জড়িত হোৱাৰ বাবে ৰাজ্যিক কেবিনেটে সমগ্ৰ বিষয়টো আৰু SIT-ৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক গতাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । মুখ্যমন্ত্রীয়ে কয়, “অনুসন্ধানত পোৱা যায় যে পাকিস্তানি নাগৰিক আলী তৌকীৰ শ্বেখৰে সাংসদ গৌৰৱ গগৈৰ পৰিবাৰৰ অতি ভাল সম্পৰ্ক আছিল । আলী তৌকীৰ শ্বেখ পাকিস্তানৰ এগৰাকী প্ৰভাৱশালী নাগৰিক । পাকিস্তানৰ সামৰিক বাহিনী, আই এছ আইৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকা প্ৰভাৱশালী ব্যক্তি আলী তৌকীৰ শ্বেখ ‘লীড পাকিস্তান’ নামৰ সংস্থাৰ মুৰব্বী আৰু তেওঁ ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক (চি ডি কে এন)ৰ এছিয়াৰ মুৰব্বী । তেওঁ ইছলামাবাদৰ বাসিন্দা আৰু ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি সামাজিক মাধ্যমৰ জৰিয়তে ভাৰত বিৰোধী অপপ্ৰচাৰ আৰু সাম্প্রদায়িক উচতনি দিয়াত জড়িত । তেওঁ পাকিস্তান চৰকাৰৰ পৰিকল্পনা আয়োগৰ উপদেষ্টা আছিল । অনুসন্ধানত ব্ৰিটিছ নাগৰিক এলিজাবেথ ক’লবাৰ্ণ গগৈ আৰু অন্যান্যসকল জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে ।”২০১২ চনৰ ২৪ ছেপ্টেম্বৰৰ পৰা ২০১৪ চনৰ ২৯ নবেম্বৰৰ ভিতৰত লীড ইণ্ডিয়াই লাভ কৰা ৯১.২৭ লাখ টকাৰ ভিতৰত ৬৩.৪৮ লাখ টকা লীড পাকিস্তানৰ মাধ্যমত পাকিস্তানৰ পৰা লাভ কৰিছিল । এই সময়চোৱাৰ ভিতৰত লীড ইণ্ডিয়াই এলিজাবেথ গগৈক ৮২.৪১ লাখ টকা প্ৰদান কৰে । আনহাতে এছ আই টিৰ অনুসন্ধানত এলিজাবেথ গগৈৰ ভাৰত বিৰোধী কাৰ্যকলাপ ধৰা পৰিছে । তেওঁ ২০১৪ চনৰ আগষ্ট মাহত আই বি ৰিপ’ৰ্টৰ আধাৰত আলী তৌকীৰ শ্বেখলৈ গোপন পত্র প্ৰেৰণ কৰিছিল য’ত মোদী চৰকাৰ অহাৰ পিছত ক্লাইমেট একচন নচলিব বুলি পৰামৰ্শ দিছিল ।পাকিস্তানত কাম কৰি থকা সময়ত এলিজাবেথ গগৈ ইছলামাবাদৰ পৰা ভাৰতলৈ তিনিবাৰ আহিছিল বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীৰ বিস্ফোৰক সংবাদমেলৰ পাছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। ছিপাঝাৰত গৌৰৱ গগৈয়ে কয়, ‘‘প্ৰায় আঢ়ৈ ঘণ্টাধৰি মুখ্যমন্ত্ৰীয়ে আজি যথেষ্ট চেষ্টা কৰিলে নিজৰ ফ্লপ চিনেমাখন ৰাইজৰ মাজলৈ লৈ যাবলৈ। কিন্তু সফল নহ’ল। আনকি, তাত থকা সাংবাদিকসকলকে মুখ্যমন্ত্ৰীয়ে আশ্বস্ত কৰিব নোৱাৰিলে। সাংবাদিকসকলকে মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰিলে প্রশ্নৰ উত্তৰ।’’
অৱশ্যে গৌৰৱ গগৈয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰি ইয়াক ভিত্তিহীন আৰু মুখ্যমন্ত্ৰীৰ এক ৰাজনৈতিক নাটক বুলি অভিহিত কৰিছে সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰীক সমালোচনা কৰি লগতে কয়, ‘‘নিৰ্বাচনৰ দুমাহ আগত সাৰ পালে। আচলতে তেওঁ নিজেই আশ্বস্ত নহয়। যোৱা তিনিদিনতে আমি বহু তথ্য ফাদিল কৰিছোঁ। তথ্যসহ আমি মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ তথ্য ফাদিল কৰিম। ইমানেই যদি গুৰুত্বপূৰ্ণ আছিল ছয় মাহ কি কৰি আছিল মুখ্যমন্ত্ৰীয়ে ।”