দেশৰ বন্যপ্ৰাণীপ্ৰেমীলৈ সুখৱৰ । মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা অনা ‘জালা’ নামৰ এটা চিতা বাঘে জন্ম দিলে তিনিটাকৈ পোৱালি । ২০২২ চনৰ ১৭ চেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ নামিবিয়াৰ পৰা ভাৰতলৈ অনা হৈছিল ৮টাকৈ চিতা বাঘ । ইয়াৰ পিছত আকৌ ১২ টা চিতা বাঘ ভাৰতলৈ অনা হৈছিল । উল্লেখযোগ্য যে ‘জালা’ নামৰ চিতা বাঘটো ভাৰতলৈ অনা ৮টা বাঘৰ ভিতৰৰ এটা আছিল আৰু এই ‘জালা’ই ২০২৩ বৰ্ষৰ মাৰ্চ মাহত মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৪টাকৈ পোৱালি জন্ম দিছিল যদিও দুৰ্ভাগ্যবশত তাৰে তিনিটা পোৱালিৰ মৃত্যু ঘটে । ইয়াৰ পাছত এবছৰৰ মূৰত আকৌ ‘জালা’ই নৱবৰ্ষৰ আৰম্ভণিতে তিনিটাকৈ পোৱালি জন্ম দি ভাৰতৰ বন্যপ্ৰানীপ্ৰেমিলৈ সুখবৰ কঢ়িয়াই আনে । কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে তেওঁৰ এক্স হেণ্ডেলত ১৫ছেকেণ্ডৰ এটা ভিডিওত উল্লেখ কৰি কয় যে এয়া এক ভাল খবৰ লগতে ভূপেন্দ্ৰ যাদৱে কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ পোৱালিকেইটাক আদৰণি জনাই আৰু দেশক সকলো বনকৰ্মীকো অভিনন্দন জনাই ।