ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আগন্তুক শিক্ষাবৰ্ষৰ পৰা ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হব চৰিত্ৰ পাঠ। ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশ তথা চৰিত্ৰ বিকাশ ৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই পদক্ষেপ হাতত লোৱা হৈছে বুলি জানিব দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে। অৱশ্যে শেহতীয়া ভাৱে ৭ টা নতুন জনগোষ্ঠীয় ভাষাত পাঠ্যপুথি প্ৰণয়ন কৰা হৈছে যদিও চৰিত্ৰ পাঠ প্ৰাৰম্ভিক ভাৱে কেৱল অসমীয়া ভাষাত হে উপলব্ধ হব। আন এক ঘোষণা অনুসৰি তৃতীয়ৰ পৰা ষষ্ঠ শ্ৰেণীলৈ নতুন পাঠ্যক্ৰম প্ৰচলন কৰা হৈছে তথা আগন্তুক বৰ্ষ সমূহত বাকী শ্ৰেণী সমূহতো নতুন পাঠ্যক্ৰম প্ৰণয়ন কৰা হব। সদ্যসমাপ্ত টেট পৰীক্ষাৰ ওপৰতো মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বহী মূল্যাংকনৰ কাম প্ৰায় সমাপ্ত হৈছে আৰু অতি শীঘ্ৰেই ফলাফল ঘোষণাৰ লগতে নিযুক্তি দিয়া হব ৯৭১৭ গৰাকী শিক্ষকক। শিক্ষামন্ত্ৰী গৰাকীয়ে জানিব দিয়া অনুসৰি ৰাজ্যিক পাঠ্যপুঠি প্ৰণয়ন আৰু প্ৰকাশন নিগমক বিনামূলীয়া ভাৱে উপলব্ধ পাঠ্যপুথি সমূহ ই-বুক ৰূপে উপলব্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অহা বছৰৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে পাঠ্যপুথি সমূহ ডাউনলোড কৰি লব পাৰিব।