জাগীৰোডৰ কৃষকলৈ ৰাষ্ট্ৰপতিৰ বিশেষ নিমন্ত্ৰণী পত্ৰ

Share

জাগীৰোডৰ সৰুমাটি পৰ্বত গাঁওৰ এজন কৃষক প্ৰেমানন্দ বিশ্বাস। তেওঁ গোপালন তথা কৃষিকৰ্মৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি আহিছে। পিছে তেওঁ গোপালনৰ দ্বাৰা কেৱল দুগ্ধ উৎপাদনতে সীমাবদ্ধ থকা নাই। গৰুৰ গোৱৰৰ পৰা জৈৱ গেছ উৎপাদন কৰি এজন আদৰ্শ কৃষক ৰুপে পৰিগণিত হৈছে তেওঁ। গোলকীয় উষ্ণতা বৃদ্ধিৰ যুগত জৈৱ গেছৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি সকলো জ্ঞাত। ইতিমধ্যে ২০২৩ তথা ২০২৪ চনত IIT  Guwahati ৰ  Biogas Development & Training Centre ৰ পৰা তেওঁ প্ৰমাণপত্ৰও লাভ কৰিছে। কিয়নো IIT  Guwahati ৰ তৰফৰ পৰা প্ৰতিষ্ঠা কৰিব দিয়া ৪০ টা জৈৱ গেছ উৎপাদন কেন্দ্ৰৰ ভিতৰত এটা কেন্দ্ৰ নিৰ্মাণ কৰিছিল প্ৰেমানন্দ বিশ্বাসে। তাৰ পিছতেই চৰকাৰৰো দৃষ্টি আকৰ্ষণ কৰিছিল বিশ্বাসে। সেই সূত্ৰেই অহা ২৬ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হবলগীয়া গণতন্ত্ৰ দিৱসত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ পৰা তেওঁ বিশেষ নিমন্ত্ৰণী পত্ৰ লাভ কৰিছে। বিশ্বাসৰ লগতে গোটেই জাগীৰোড বাসী হৈ পৰিছে উৎফুল্লিত। সমগ্ৰ অসম আজি তেওঁক লৈ গৌৰৱান্বিত

Leave a Reply

Your email address will not be published. Required fields are marked *