নতুন দিল্লীত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনত উপস্থিত নাথাকে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাডিমিৰ পুটিন।ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতলৈ আহিবলৈ অস্বীকাৰ কৰিছে।তেওঁ অহা অক্টোবৰত চীন ভ্ৰমণ কৰিব।চীনত হ’বলগীয়া ‘বেল্ট এণ্ড ৰোড ফ’ৰাম কনক্লেভ’ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে অংশ ল’ব।ইয়াৰোপৰি পুটিন চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ নিমন্ত্ৰণত বেজিঙত উপস্থিত হ’ব।আনহাতে ভ্ৰমণৰ সময়ছোৱাত পুটিন চীনৰ নেতৃবৃন্দৰ সৈতে দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰিব।এয়া ইউক্ৰেইনৰ আক্ৰমণৰ পিছত পুটিনৰ প্ৰথমখন মিত্ৰ দেশ ভ্ৰমণ।