২১ অক্টোবৰ,চাপৰমুখঃ চাপৰমুখত আৰক্ষীৰ অভিযানত জব্দ ৮৫ লাখ টকাৰ নিষিদ্ধ ড্ৰাগচ।
নগাঁওৰ ৰহা আৰক্ষীয়ে এণ্টি নাৰ্কোটিক স্কোৱাডৰ সৈতে এক যুটীয়া অভিযান চলাই চাপৰমুখ ৰে’ল ষ্টেচনত চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
ধৃত সৰবৰাহকাৰী কেইজনৰ পৰা প্ৰায় ৮৫ লাখ টকাৰ ১২০ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে আৰক্ষীয়ে।
পুৱতি নিশা ৩ বজাত ৰে’ল ষ্টেচনত তালাচী চলাই দহটা চাবোনৰ পেকেটত ভৰ্তি ১২০ গ্ৰাম হেৰোইন জব্দ কৰে।
ড্ৰাগছ সৰবৰাহকাৰীসকলক বৰদুৱা আৰক্ষী চকীৰ অন্তৰ্গত ভেৰ ভেৰী গাঁৱৰ আইনুল হক, চিতাৰা বেগম, ধোনিয়া ভেটি গাঁৱৰ ৰোজিদুল হক আৰু নগাঁৱৰ কচুৱা থানাৰ অন্তৰ্গত লং জুপ পডুমনি গাঁৱৰ ৱাদিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।