চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ

Share

নাগালেণ্ডৰ নিৰ্বাচনীৰ ফলাফলৰ পিছতে চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ ৯ দিনীয়া বাজেট অধিৱেশনৰ প্ৰথম খন অধিৱেশন সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে। প্ৰ’টেম অধ্যক্ষ মহাথুং য়ানথানে নৱনিৰ্বাচিত সদস্যসকলক শপত গ্ৰহণ কৰায়। তাৰ পিছত নাগালেণ্ড বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত কৰা হয়।

আনহাতে ২১ মাৰ্চত সদনত প্ৰথমে ৰাজ্যপাল গনেশনে ভাষণ দিব। ২৩ মাৰ্চ আৰু ২৪ মাৰ্চত ৰাজ্যপালৰ ভাষণৰ সন্দৰ্ভত আলোচনা কৰা হ’ব বিধানসভাৰ মজিয়াত। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই ২৭ মাৰ্চত ২০২৩-২৪ বৰ্ষৰ বাজেট দাখিল কৰে। অধিবেশনত প্ৰায় দুই শতিকা পাছত নগৰ সমিতি আৰু পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিধানসভাই আলোচনা কৰা সম্ভাৱনা আছে। 

উল্লেখ্য যে, বৰ্তমানৰ সদনতো ৰাজ্যৰ  সৰ্বাধিক ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে। জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ ৭ জন বিধায়ক, নেচনেল পিপলছ পাৰ্টিৰ ৫ জন বিধায়ক, নগা পিপলছ ফ্ৰণ্ট, লোক জন শক্তি ৰামবিলাছ আৰু  ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া আথাৱালেৰ দুজনকৈ বিধায়ক থকাৰ বিপৰীতে জে ডি ৰ এজন সদস্য আৰু চাৰিজন নিৰ্দলীয় বিধায়ক।নাগালেণ্ড ৰাজ্যিক বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙে বিধায়ক এইচ টোভিহোটো আয়েমিক চতুৰ্দশ নাগালেণ্ড বিধানসভাত বিজেপিৰ মুখ্য হুইপ হিচাপে নিযুক্তি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *