কেলিফৰ্ণিয়াত প্ৰদান কৰা হ’ল গোল্ডেন গ্লোব বঁটা

Share

কেলিফৰ্ণিয়াৰ বেভেৰলী হিল্টনত বিশ্বৰ চলচ্চিত্ৰ তথা টেলিভিছন জগতৰ শ্ৰেষ্ঠত্বৰ অন্যতম নিদৰ্শন স্বৰুপ গোল্ডেন গ্লোব বঁটা প্ৰদান কৰা হৈছে।বহু বৰ্ণাঢ্য ব্যক্তি উপস্হিত থকা এই অনুষ্ঠানৰ আঁত ধৰে কৌতুক অভিনেতা নিকি গ্লেছাৰে।গোল্ডেন গ্লোবৰ শ্ৰেষ্ঠ মচন পিকচাৰ (ড্ৰামা)ৰ সন্মান লাভ কৰে দ্য ব্ৰুটালিষ্টে। এই চিনেমাখনত অভিনয় কৰা অভিনেতা এড্ৰিয়ান বডীয়ে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। ইপিনে আই এম ষ্টিল হিয়াৰ শীৰ্ষক বোলছৱি খনৰ অভিনেত্ৰী ফাৰ্ণেন্ডা টৰেছে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। মিউজিকেল কমেডীৰ শিতানত এ ডিফাৰেণ্ট মেন ছৱিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে ছেবাষ্টিয়ান ষ্টেনে। একেই শিতানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা পাইছে প্ৰখ্যাত অভিনেত্ৰী ডেমি মুৰে। দ্য ছাবষ্টেন্স ছৱিখনৰ বাবে এই সন্মান পাব সক্ষম হৈছে ডেমি মুৰে।দ্য ব্ৰুটালিষ্টৰ নিৰ্দেশক ব্ৰেডী কৰবেটে শ্ৰেষ্ঠ নিৰ্দেশকৰ বঁটা লাভ কৰি দ্য ব্ৰুটালিষ্টৰ শীৰত আন এক মুকুট উজলাবলৈ সক্ষম হৈছে। কনক্লেভ চিনেমা খনৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে পিটাৰ ষ্ট্ৰগনে। একেদৰে শ্ৰেষ্ঠ টেলিভিছন চিৰিজ ড্ৰামাৰ বঁটা লাভ কৰিছে ছগানে। এইখিনিতে মন কৰিব লগীয়া যে গোল্ডেন গ্লোব বঁটাত ভাৰতীয় চিনেমাৰ প্ৰদৰ্শন এইবাৰ সন্তোষজনক নাছিল। পায়ল কাপাডিয়াৰ অল উই ইমাজিন এজ লাইফে অনা ইংৰাজী শিতানত শ্ৰেষ্ঠ চিনেমা তথা শ্ৰেষ্ঠ নিৰ্দেশকৰ বাবে মনোনয়ন লাভ কৰিছিল যদিও শেষ তালিকাত নাম নাহিল।

Leave a Reply

Your email address will not be published. Required fields are marked *