কভিডত মৃত্যু হোৱা লোকৰ আত্মীয়ক চৰকাৰৰ ৫০ হেজাৰ টকাৰ অনুদান 

Share
বনিতা বড়ো, ২৩ চেপ্তেম্বৰঃ কভিডত মৃত্যু হোৱা লোকৰ আত্মীয়ক চৰকাৰে ৫০ হেজাৰ টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ সীদ্ধান্ত গ্ৰহণ কৰিছে । ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ  (National disaster management authority) চমুকৈ  NDMA এ এই অনুদান আগবঢ়োৱাৰ পৰামৰ্শ প্ৰদান  কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক অৱগত কৰে।
কিন্তু, মৃতকৰ আত্মীয়ই উপযুক্ত প্ৰমাণ-পত্ৰৰ জৰিয়তেহে লাভ কৰিব পাৰিব এই অনুদান । ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে নিজ নিজ ৰাজ্যত ধনৰ যোগান ধৰিব আৰু এই ধন বিতৰণ কৰিব জিলা প্ৰশাসনে।
তাৰোপৰি,প্ৰমাণপত্ৰ সংগ্ৰহৰ ক্ষেত্ৰত এখন কমিটি গঠন কৰি দিয়া হব। কমিটিখনত থাকিব অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিষয়া,চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী( যদিহে জিলাখনত  চিকিৎসা মহাবিদ্যালয় থাকে ) আৰু এজন বিশেষজ্ঞ থাকিব । Indian council for medical research ৰ নিয়মাৱলী অনুসৰি এই প্ৰমাণপত্ৰসমুহ প্ৰদান কৰি অহা হৈছে ।এই অনুদান প্ৰদানৰ ক্ষেত্ৰত ৩০ জুন তাৰিখে NDMAক সম্ভাব্য নিয়মাৱলীজাৰি কৰিবলৈ নিৰ্দেশ দিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *