২০১৮ চনত এডভাণ্টেজ আছামৰ সফল সমাপ্তিৰ পিছত অসম চৰকাৰ সাজু হৈছে ইয়াৰ দ্বিতীয় সংস্কৰণৰ বাবে। ২৫ তথা ২৬ ফেৱ্ৰুৱাৰীত খানাপাৰাৰ ভেটেৰিনাৰী ফিল্ডত অনুষ্ঠিত হবলগীয়া এই সন্মিলনত দেশৰ বিভিন্ন বিনিয়োগকাৰীৰ লগতে জাপান, ছিংগাপুৰকে ধৰি কেইবাখনো দেশৰ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব। ভৌগলিকভাৱে অসমৰ সুবিধাজনক স্থিতি তথা প্ৰচুৰ প্ৰাকৃতিক সম্পদ, পৰ্যাপ্ত পৰিমাণৰ কৰ্মশক্তি আদিৰ উপলব্ধতাৰ বাবে অসম এখন আকৰ্ষণীয় তথা লাভজনক বিনিয়োগক্ষেত্ৰ ৰূপে পৰিগণিত হব পাৰে। এই সম্পৰ্কে দেশ-বিদেশৰ উদ্যোগপতি সকলক অৱগত কৰাই এই সন্মিলনৰ মূখ্য উদ্দেশ্য। ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তত অৱস্থিত অসম উত্তৰ-পূৱৰ বাকী ৰাজ্যসমূহৰ লগত যোগসূত্ৰ হোৱাৰ উপৰিও দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ লগতো যোগাযোগৰ মাধ্যম ৰূপে পৰিগণিত হব পাৰে। ২০২৩ চনত অসমৰ GSDP ৰ ১৯.৫% বৃদ্ধিয়ে অসমৰ বিকশিত অৰ্থনীতিকে প্ৰতিফলিত কৰে। জাগীৰোডত ইতিমধ্যে TATA ৰ ছেমিকণ্ডাক্টৰ নিৰ্মাণ প্ৰকল্প চলি আছে। ২০২৫ ৰ সংস্কৰণে আৰু অধিক বিনিয়োগকাৰী আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। ইপিনে এডভাণ্টেজ আছাম অনুষ্ঠিত হোৱাৰ এদিন পূৰ্বে ২৪ ফেৱ্ৰুৱাৰীত সৰুসজাই ষ্টে়ডিয়ামত অনুষ্ঠিত হব ঝুমইৰ বিনন্দিনী। ৭৫০০ নাচনীয়ে পৰিৱেশন কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিব লগীয়া এই বিনন্দীয়া অনুষ্ঠান প্ৰধানমন্ত্ৰী মোদীয়েও উপভোগ কৰিব।