আজি ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস

Share

কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ বৰ্ধিত ঘটনা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ৭ নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস হিচাপে পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থা অনুসৰি কৰ্কট ৰোগ মানুহৰ মৃত্যুৰ অন্য এক কাৰণ। চিকিৎসকৰ মতে,প্ৰাৰম্ভিক পৰ্যায়তে কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ লক্ষণসমূহ ধৰা পৰিলে ৰোগীক এই মাৰাত্মক ৰোগৰ পৰা উদ্ধাৰ কৰিব পাৰি। গতিকে তেনে কিছু লক্ষণ দেখিলে তৎক্ষণাত আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস বিষয়বস্তু: এই বছৰ ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱসৰ বিষয়বস্তু হৈছে এই ৰোগৰ সন্দৰ্ভত দেশৰ জনসাধাণৰ মাজত সজাগতা বৃদ্ধিৰ লগতে প্ৰাৰম্ভিক পৰ্যায়ত জীৱন ৰক্ষাৰ বাবে কৰ্কট ৰোগ প্ৰতিৰোধ,নিৰ্ণয় আৰু চিকিৎসা কৰাৰ কেইবাটাও উপায়ৰ বিষয়ে তেওঁলোকক অৱগত কৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *