আজি অৰ্থাৎ ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰী লৈ ১২ দিনীয়া কাৰ্যসুচীৰে আৰম্ভ হৈছে অসম গ্ৰন্থমেলা। চানমাৰিত ফ্লাইঙ অভাৰৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে চানমাৰিত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা খন এইবাৰ খানাপাৰাৰ ভেটেৰিনাৰী কলেজৰ বাকৰিত অনুষ্ঠিত হব। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথ ভাৱে আহ্বান কৰা এই গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি সুসাহিত্যিক য়েচে দৰজে ঠংচিলৈ আগবঢ়োৱা হয় অসম প্ৰকাশন পৰিষদ বঁটা। “ধাৰ আৰু অন্যান্য গল্প” পুথি খনিৰ বাবে ঠংচিয়ে লাভ কৰে এই বঁটা।এইবাৰ গ্ৰন্থমেলাত দিল্লী হাৰিয়ানাৰ ১৬ টা, কলকাতাৰ ১৫ টা আৰু পঞ্জাৱৰ ২ টা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে। মুঠ ১১৮ টা প্ৰকাশন গোষ্ঠীৰ ৩৫০ খন বিপণী মুকলি হৈছে গ্ৰন্থপ্ৰেমীৰ বাবে। আজি বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিত হব লগীয়া উদ্বোধনী অনুষ্ঠানত সভাপতি ৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। উল্লেখ্য যে গ্ৰন্থমেলাৰ প্ৰতিটো দিনতেই অসমৰ সাহিত্য সংস্কৃতিৰ লগত জড়িত বিভিন্ন বিষয়ক লৈ অনুষ্ঠিত হব আলোচনা চক্ৰ, য’ত উপস্থিত থাকিব বহু পুৰোধা ব্যক্তি। ২৮ ডিচেম্বৰ ত সুৰিন্দৰ কুমাৰ ঘাইৰ সভাপতিত্বত অনুষ্ঠিত হব গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা সন্দৰ্ভত আলোচনা চক্ৰ। অসমীয়া ভাষালৈ ধ্ৰুপদী মৰ্য্যদা বিষয়ক বিশেষ অনুষ্ঠান “অ মোৰ সুৰীয়া মাত” অনুষ্ঠিত হব জানুৱাৰী ৰ ২ তাৰিখে। একেদৰে, ৬ জানুৱাৰী ৰ দিনা জনপ্ৰিয় সাহিত্যিক অনুৰাধা শৰ্মা পুজাৰীৰ পৌৰহিত্যত অনুষ্ঠিত হব উপন্যাস সাহিত্য সন্দৰ্ভত এক আলোচনা চক্ৰ। গ্ৰন্থপ্ৰেমীৰ বাবে বাৰ্ষিক উৎসৱ স্বৰুপ এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও সামাজিক মাধ্যাম যোগে ৰাইজক আহ্বান জনাইছে।