প্ৰথমে শ্বিলঙৰ বেথানি হাস্পতালত চিকিৎসাধীন হৈ থকা অভিনেত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অনা হয়।গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে অভিনেত্ৰীগৰাকীৰ।চিকিৎসকৰ পৰা জানিব পৰা অনুসৰি হৃদৰোগৰ লগতে বাৰ্ধক্যজনিত কাৰণতো দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে অভিনেত্ৰীগৰাকী।১৯৩২ চনৰ সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙত জন্মলাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।সৰুৰে পৰা নৃত্য গীত আৰু অভিনয় ভালপোৱা জ্ঞানদা এক সাংস্কৃতিক পৰিৱেশতে ডাঙৰ-দীঘল হৈছিল।মাতৃৰ পৰা সংগীত আৰু দেউতাকৰ পৰা অভিনয় আদি লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।সৰু হৈ থাকোতে ‘সতী বেউলা’ নামৰ নাটকখনত তেওঁ কৰা নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভাই নিজে তেওঁ নৃত্য শিকাবলৈ আগবাঢ়ি আহিছিল।১৯৪৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰিছিল।সৰুৰে কৰা অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে প্ৰথম ছবিখন হৈছে প্ৰবীণ ফুকনৰ পৰিচালিত পাৰঘাট।পাৰঘাটৰ পিচতেই অভিনেতাগৰাকীয়ে নায়িকা হিচাপে অভিনয় কৰা অসমীয়া ছবিকেইখন হৈছে পিয়লি ফুকন, সৰাপাত, লখিমী,ৰঙা পুলিচ,পূবেৰুণ,চাকনৈয়া,পুৱতি নিশাৰ সপোন,নৰকাসুৰ ইত্যাদিবোৰ।ইয়াৰোপৰিও তেওঁ অসম চৰকাৰৰ ফালৰ পৰা শিল্পী পেঞ্চন লাভ কৰা কাকতিয়ে লাভ কৰিছে কলাগুৰু বিষ্ণু ৰাভা বঁটাও।