বন্দনা হাজৰিকা,২৫ অক্টোবৰঃ পুনৰ দেশত বৃদ্ধি পাইছে কভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা।সম্প্ৰতি দেশৰ বিভিন্ন ৰাজ্যত বৃদ্ধি পাইছে কভিডৰ সংক্ৰমন।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সৱৰ বতৰত জনতাই প্ৰয়োজনীয় সাৱধানতা অৱলম্বন নকৰাৰ ফলত উৎসৱৰ পিছতেই পুনৰ সংক্ৰমন বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।যোৱা ২৪ ঘন্টাত আক্ৰান্ত হৈছে প্ৰায় ১৬,৩২৬ জন লোক।আৰু মৃত্যু হৈছে ৬৬৬ জন।স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশৰ ভিতৰত সৰ্বাধিক কেৰালাত আক্ৰান্তৰ হাৰ আৰু মৃত্যুৰ হাৰ বেছি। আনহাতে মহাৰাষ্ট্ৰত যোৱা দুদিন ধৰি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।দেশত প্ৰতিদিনে আক্ৰান্তৰ হাৰ ১.২৪ শতাংশ।বৰ্তমান ১,৭৩,৭২৮ জন লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।